Edu Axom Plus

Edu Axom Plus

...Assam GK MCQ and Current Affairs...

বিদ্যালয় বিদায় সভাৰ হৃদয়বিদাৰক ভাষণ | Farewell Speech in Assamese

🕒 December 20, 2025 📖 Calculating... min read By Admin | #Assamese School Speech #Farewell Speech in Assamese #School Farewell Assamese

বিদ্যালয় বিদায় সভাৰ হৃদয়বিদাৰক ভাষণ | Farewell Speech in Assamese

বিদ্যালয় বিদায় সভাৰ হৃদয়বিদাৰক ভাষণ | Farewell Speech in Assamese

🏫 বিদ্যালয় বিদায় সভাৰ হৃদয়বিদাৰক ভাষণ

নমস্কাৰ, আজিৰ এই সভাৰ সভাপতি তথা আমাৰ বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক মহোদয়, লগতে মঞ্চত উপস্থিত সন্মানীয় ছাৰ-বাইদেউসকল, আৰু মোৰ প্ৰিয় বন্ধু-বান্ধৱী আৰু মৰমৰ ভাইটি-ভন্টিসকল |

আজি আমাৰ বিদায়ৰ দিন, আৰু মনটো বৰ বেয়া লাগিছে। বিদায় মানেই হ'ল কষ্ট, বিদায় মানেই হ'ল যন্ত্রণা। আজি মোৰ মনটো বিষাদেৰে ভাৰাক্ৰান্ত হৈ পৰিছে।

মোৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল, আপোনালোকৰ এই কষ্ট আৰু ত্যাগৰ মূল্য আমি কেতিয়াও দিব নোৱাৰিম। এই বিদ্যালয়ৰ প্ৰতিটো মুহূৰ্ত আৰু আপোনালোকৰ সৈতে কটোৱা সকলো স্মৃতি সদায়ে আমাৰ মনত থাকিব।

🎤 সভাৰ আৰম্ভণি বক্তব্য

পোনপ্ৰথমে, মই সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো আজিৰ এই বিশেষ সভাখনৰ বাবে।

আজি আমাৰ বিদায়ৰ দিন, আৰু মনটো বৰ বেয়া লাগিছে। বিদায় মানেই হ'ল কষ্ট, বিদায় মানেই হ'ল যন্ত্রণা। আজি মোৰ মনটো বিষাদেৰে ভাৰাক্ৰান্ত হৈ পৰিছে।

👨‍🏫 শিক্ষকৰ অৱদান আৰু স্মৃতি

শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল, আপোনালোকে বহু পৰিশ্ৰম কৰি আমাক শিকালে আৰু আজিৰ দিনত আমাৰ লক্ষ্যস্থানৰ ফালে আগবাঢ়িবলৈ পথ প্ৰশস্ত কৰিলে।

আমি আজিৰ পৰা বিদ্যালয়খন এৰি নিজৰ নিজৰ লক্ষ্যপথত আগবাঢ়িম, কিন্তু এইখিনিত সুখৰ তুলনাত দুখ বেছি লাগিছে। কিয়নো এই বিদ্যালয়ৰ পৰিবেশ, ছাৰ-বাইদেউ সকলৰ ক্লাছ আৰু সহপাঠী ভাই-ভন্টিসকলৰ সৈতে কটোৱা সকলো মুহূর্ত বৰকৈ মনত পৰিছে।

এইবোৰ কথা ভাবিলেই মনটো কষ্টেৰে ভৰি উঠে।

❤️ কৃতজ্ঞতা আৰু অনুভূতি

মোৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল, আপোনালোকৰ এই কষ্ট আৰু ত্যাগৰ মূল্য আমি কেতিয়াও দিব নোৱাৰিম।

এই বিদ্যালয়ৰ প্ৰতিটো মুহূৰ্ত আৰু আপোনালোকৰ সৈতে কটোৱা সকলো স্মৃতি সদায়ে আমাৰ মনত থাকিব।

যদিও আজিৰ পৰা আপোনালোকৰ সৈতে আগৰ দৰে লগ নাপাম, তথাপিও ছাৰ-বাইদেউসকল, আপোনালোকে আমাক যি জ্ঞান দিছে, সেই জ্ঞানৰ জৰিয়তে আমি সদায় আপোনালোকক অনুভৱ কৰি থাকিম।

🙏 উপসংহাৰ বক্তব্য

সদৌ শেষত আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আপোনালোকৰ আশীৰ্বাদ লৈ আজি এই মোৰ চমু বক্তব্য সমাপ্ত কৰিব ওলাইছো।

লগতে ভগৱানৰ ওচৰত আপোনালোকৰ সু-স্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিলো।

ধন্যবাদ।

Academic Board

Edu Axom Plus.In

Welcome to EduAxomPlus.in, We provide Assam GK MCQs, Assam Current Affairs and Previous Year MCQs asked in various Assam competitive exams.

💬 Comments (0)

No comments yet. Be the first to start the conversation!

Leave a Comment