Edu Axom Plus

Edu Axom Plus

...Assam GK MCQ and Current Affairs...

Teachers Day Speech in Assamese 2025 | শিক্ষক দিৱসৰ ভাষণ |

Teachers Day Speech in Assamese 2025 | শিক্ষক দিৱসৰ ভাষণ |

Teachers Day Speech in Assamese 2025 | শিক্ষক দিৱসৰ ভাষণ |

নমস্কাৰ, সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, আমাৰ এই খন বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, শিক্ষক-শিক্ষয়িত্ৰী সকল, লগতে সম্মুখত বহি থকা বন্ধু-বান্ধবী তথা দাদা-বাইদেউ আৰু ভাইটী-ভণ্টি সকল।

পোন প্ৰথমে মই মোৰ শ্ৰদ্ধাৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্রী লৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য আৰম্ভ কৰিছোঁ ।

আজি এই পবিত্র দিনটোত মোক দুষাৰ কবলৈ সুযোগ দিয়াৰ বাবে শিক্ষা গুৰু সকলক বহুত বহুত ধন্যবাদ জনাইছোঁ।

আজি ৫ চেপ্তেম্বৰ আৰু আমি সকলোৱে জানো যে প্ৰতি বছৰে ৫ চেপ্তেম্বৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

এই দিনটো শিক্ষক সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। ৫ চেপ্তেম্বৰ হ'ল ভাৰতৰ প্রথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ জন্ম দিন।

তেওঁ ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত ছাত্ৰৰ এটা গোটে তেওঁৰ জন্মদিন উদযাপন কৰাৰ বাবে তেওঁৰ অনুমতি বিছাৰিছিল। তেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল

মোৰ জন্মদিনটো বেলেগ কৈ পতাতকৈ এই দিনতো শিক্ষক দিৱস ৰূপে পালন কৰিলে গৌৰাৱাম্বিত হম। তেতিয়াৰ পৰাই এই ৫ চেপ্তেম্বৰ দিনটো শিক্ষক দিৱসৰূপে পালন কৰি অহা হৈছে।

১৯৬২ চনৰ ৫ চেপ্তেম্বৰ তাৰিখে ভাৰতত প্ৰথম শিক্ষক দিৱস পালন কৰা হৈছিল।

শিক্ষক হ'ল আমাৰ জীৱনৰ সেইজন ব্যক্তি যিজনে আমাক সদায় উৎসাহিত কৰে, ভুলবোৰ আঙুলিয়াই দিয়ে আৰু সাহসী হ'বলৈ শিকায়। 

শিক্ষক সকলক মমবাতিৰ লগত তুলনা কৰা হৈছে। যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। শিক্ষক সকল হ'ল জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ যাৰ পৰা আমি জীৱন পথত আগুৱাই যাবলৈ প্রয়োজনীয় সকলো জ্ঞান আহৰণ কৰিব পাৰো ।

গতিকে আমি সদায় আমাৰ শিক্ষকসকলৰ কথা মানি চলা আৰু সন্মান কৰা উচিত।

শেষত সকলোকে আকৌ শিক্ষক দিৱসৰ বহুত বহুত শুভেচ্ছা জনাই মই মোৰ এই চমু বক্তব্য সামৰণি মাৰিলো । ধন্যবাদ।

Academic Board

Edu Axom Plus.In

Welcome to EduAxomPlus.in, We provide Assam GK MCQs, Assam Current Affairs and Previous Year MCQs asked in various Assam competitive exams.

💬 Comments (0)

No comments yet. Be the first to start the conversation!

Leave a Comment